স্বাধীনতা নে পতাকা উৰুৱা দিৱস?
খন্দকাৰ জাহাঙ্গীৰ আলম
স্বাধীনতা যদি এটা পতাকা উৰুৱা দিৱস
নালাগে আমাক তেনে স্বাধীনতা,
কৃষকৰ ফাঁচিৰ ৰচীৰে পতাকা উৰুৱালৈ
দুখীয়াৰ বুকুত পতাকাৰ খুঁটা পুতিবলৈ
নালাগে আমাক তেনে স্বাধীনতা
স্বাধীনোত্তৰত বগা চাহেবে গুলিয়াইছিল
আৰু এতিয়া স্ব-জাতিয়ে
অভিশপ্ত দেশত- মৃত স্বজন , ধ্বংসস্তূপ
পিঠিত লৈ ফুৰিবলৈ
নালাগে আমাক তেনে স্বাধীনতা....
ভোকাতুৰ এতিয়াওঁ অনাহাৰে....
যদি কাৰো ভাতমুঠি কাঢ়ি লোৱাৰ বাবে এই স্বাধীনতা আছিল
তেন্তে নালাগে আমাক স্বাধীনতা
মুক্তিৰ পথ ক'ত?
স্বাধীনতাৰ চিৰি বগাই-
সাম্ৰাজ্যবাদৰ প্ৰতিষ্ঠাৰ বাবেই যদি
মুক্তিৰ এই চুক্তি
নালাগে আমাক তেনে চুক্তি
চলন্ত বাহন অথবা ৰাজপথত
গণধৰ্ষণৰ আখৰা চলে প্ৰতিপল, প্ৰতিনিয়ত-
যি দেশ নিৰ্ভয়ে শুব নোৱাৰে
গুপ্তহত্যা, ঋণগ্ৰস্ত কৃষকৰ আত্মহত্যাৰ.. বিভীষিকাময় চিৎকাৰত
তেন্তে এয়া স্বাধীনতা
নে পতাকা উৰুৱা দিৱস?
বিঃদ্রঃ কোকিল শইকীয়াৰ "স্বাধীনতাৰ পদ্য" নামৰ কবিতাটিৰ এটি প্ৰতিকবিতা লিখাৰ প্ৰয়াস
ফোনঃ ৯৬৭৮৭৬৯৫০
Comments
Post a Comment