পিতাই
পিতাইৰ গোৰোহা ওলাই থকা
ফটা চেণ্ডেল যোৰ
প্ৰায়েই পৰি থাকিছিল চোতালত
যি কাচিৎহে পিন্ধা দেখিছিলো
যেতিয়া ভৰি হাত ধুইছিল- শোৱাৰ আগত
পিতাইসকল- সন্তানৰ ভোকত সন্তাপিত,
-কিছু আঁকোৰ গোঁজ !
সন্তানৰ জীৱনত ৰং সনা
এক নিৰ্দ্ধাৰিত অকম্পিত লক্ষ্য
নিজে ভোগবাদী নহয়
পিতাইসকল যুদ্ধজয়ী সৈনিক
পুৱতিনিশাৰ আজান অথবা
সূৰুয সাৰ পোৱাৰ আগত
হাড় কপোৱা শীত নেওচি,
দুৱৰিবনৰ নিয়ঁৰ কণা গচকি
কান্ধত নাঙল লৈ,
আগবাঢ়ে খেতি চহ কৰিবলৈ
আমাৰ প্ৰয়োজন পূৰোৱাৰ নিজৰা
বয় অভিপ্ৰায় হৈ
পিতাইসকলৰ অন্তৰ সুবিশাল এটি আকাশ
দৰিদ্ৰতাৰ সৈতে যদিও সহাৱস্থান
সন্তানৰ নিৰ্মাণচিত্ৰ ভৱিষ্যতৰ
মনোবল আনে, প্ৰতিটো পুৱা-
ৰ'দ বৰষুণৰ সৈতে যুঁজিবলৈ
শ্ৰান্তিতো ক্লান্তিহীনভাৱে
কণ্টক পথত খোজকাঢ়ে
পিতাইৰ কষ্ট, পুত্ৰৰ সফলতা
পিতাইৰ ঘামে ভিজা গোন্ধই
বাৰ্তা দিয়ে ত্যাগৰ
হিমচেঁচা শীতে কঁপাব নোৱাৰে
গলিত ৰ'দে উটুৱাব নোৱাৰে
প্ৰতিজ্ঞা দেশ নিৰ্মাণৰ
এতেকে পিতাইসকল একো একোজন শিল্পকাৰ
✍খন্দকাৰ জাহাঙ্গীৰ আলম
Comments
Post a Comment