দ্বিচাৰিতা
নিকু আৰু এটি সৰু অনুৰোধ-
আংকল এতিয়া আহিবলৈ নিদিবা চোন
আমাৰ বস্তু খালি হোৱা নাই,
দহ মিনিট মান দেৰিকৈ হব...
নিকু ভাগ্যবান, কাৰণ-
আজি মানুহবোৰ মানৱতাবাদী ভাওত আছে
তেওঁৰ বাবে
হঠাতে মনত জাগি উঠিছে সহমৰ্মিতা
তেওঁৰ বাবে
হঠাতে মনত জাগি উঠিছে সহানুভূতি
হয়তো নিকুৰ আবেগৰ মূল্য
হব পাৰে এটি সোণোৱালী নীড়
কিন্তু
হাজাৰ নিকুৰ মনোকষ্ট
এতিয়াও ধুমুহাত ভাহিছে
হাজাৰ নিকুৰ আৱেগ
এতিয়াও পুহ মহীয়া জাৰত কপিছে
হাজাৰ নিকুৰ কাতৰ অনুৰোধ
এতিয়াও ৰ'দত গলিছে
হাজাৰজন নিকু অভাগা, কাৰণ-
মানুহবোৰ সদায় মানৱতাবাদী ভাওত নাথাকে
হয়তো সিহঁতৰ মনোকষ্ট, আৱেগ, অনুৰোধ...
আৱদ্ধ এটি তিৰপালৰ তলত
এই দ্বিচাৰিতা স্বভাৱ বৰ মজাৰ নহয় নে?
জে আলম
Comments
Post a Comment