অনুপ্ৰেৰণা

ড° মুহাম্মদ খানীয়ে কৈছে, এদিন মই মোৰ গাড়ীখনত বহি আছিলোঁ। হঠাতে প্রায় ষোল্ল বছৰ বয়সীয়া এজন যুৱকে আহি মোক ক'লে— ছাৰ, মই আপোনাৰ গাড়ীৰ সন্মুখৰ আয়নাখন পৰিষ্কাৰ কৰি দিব পাৰোনে?

মই ক'লো, হয়।

সি খুব ধুনীয়াকৈ আয়নাখন পৰিষ্কাৰ কৰি দিয়াত মই তাৰ হাতত ২০ ডলাৰ গুজি দিলোঁ।

ল'ৰাজন কিছু আচৰিত হ'ল আৰু ক'লে— আপুনি আমেৰিকাত থাকে নেকি?

মই ক'লো হয়। কিয়?

তেতিয়া সি ক'লে— মই এই ২০ ডলাৰৰ পৰিৱর্তে তাত থকা বিশ্ববিদ্যালয়সমূহৰ বিষয়ে কিছু কথা জানিব পাৰোনে?

মই তাৰ বিনয় ও লিখা পঢ়াৰ প্রতি থকা ধাউতি দেখি তাক ওচৰলৈ মাতি আনি আলোচনা আৰম্ভ কৰি দিলোঁ।

আলোচনাৰ শেষৰ ফালে তাক প্ৰশ্ন কৰিলোঁ— তুমি এনেদৰে ৰাস্তাত গাড়ী পৰিষ্কাৰ কৰা কাম কৰি ফুৰিছা কিয়? তুমি তো এজন মেধাবী ছাত্র?

উত্তৰত সি ক'লে—

মোৰ দুই বছৰ বয়সতেই আব্বাৰ মৃত্যু হয়। মোৰ আম্মাই মানুহৰ ঘৰে ঘৰে গৈ কাম কৰে। মই আৰু মোৰ সৰু ভনীয়ে বাহিৰত সৰুসুৰা কিবাকিবি কাম কৰোঁ কিছু ধনৰ আশাত যাৰ দ্বাৰা আমাৰ পঢ়াশুনাৰ খৰছ চলি যায়। মই শুনিছোঁ আমেৰিকাৰ বিশ্ববিদ্যালয়সমূত মেধাৱী ছাত্রসকলৰ উচ্চশিক্ষাৰ বাবে স্কলাৰশ্বিপৰ ব্যৱস্থা আছে। তাত পঢ়াৰ বাবে মোৰ খুব ইচ্ছা। কিন্তু এই ক্ষেত্ৰত মোক সহায় কৰাৰ বাবে তো কোনো নাই।

ব'লা, আগতে আমি একেলগে ডিনাৰ কৰোঁ।

সি ক'লে— এটা চর্তত আমি একেলগে ডিনাৰ কৰিব পাৰোঁ। চৰ্তটো হ'ল, বিনিময়ত মই আপোনাৰ গাড়ীৰ পাছফালৰ গ্লাছবোৰো পৰিষ্কাৰ কৰি দিম।

মই কথা নবঢ়াই তাৰ কথা মানি লৈ হোটেলত সোমালোঁ। খোৱাৰ অর্ডাৰ কৰাত সি ওৱেটাৰক তাৰ খাদ্যখিনি পাৰ্চেল কৰি দিবলৈ ক'লে। সি ঘৰলৈ গৈ তাৰ মাক আৰু ভনীয়েকৰ লগত খাব। চিন্তা কৰি দেখিলোঁ তাৰ ইংৰাজীত অসামান্য দক্ষতা।

বিদায় পৰত সিদ্ধান্ত হ'ল, সি তাৰ কাগজপত্রবোৰ মোক দিব, মই সাধ্যমতে চেষ্টা কৰিম।

এনেদৰে দীর্ঘ ছয়মাহ পাছত মই তাক আমেৰিকালৈ লৈ আহি এখন ভাল প্রতিষ্ঠানত নাম ভর্তি কৰাই দিবলৈ সক্ষম হ'লোঁ।

সি তাৰ মেধা ও অধ্যৱসায়ৰ বলত কেইবছৰমানৰ ভিতৰতে আধুনিক টেকনোলজিৰ কনিষ্ঠ টেক ইঞ্জিনিয়াৰ হিচাপে পৰিচিতি লাভ কৰে। নিউইয়র্ক টাইমছৰ পৃষ্ঠাত তাক লৈ লিড নিউজ হোৱাত গোটেই বিশ্বত হৈ-চৈ লাগি পৰে।

তাৰ ঈর্ষনীয় সফলতাত মই আৰু মোৰ পৰিয়াল অত্যন্ত আনন্দিত হওঁ।

ইফালে তাক নজনোৱাকৈ তাৰ মাক আৰু ভনীয়েকৰ ভিছাৰ ব্যৱস্থা কৰি হঠাতে তাৰ সন্মুখত আমেৰিকালৈ লৈ আহি তাক বৃহৎ ছাৰপ্ৰাইজ দি চমক দিওঁ। সিহঁতক দেখি সি বোবা হৈ পৰে। আনকি কান্দিবলৈও পাহৰি যায়।

এতিয়া সি হার্ভার্ড বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ শিক্ষকসকলৰ এজন।

তাৰ কিছুদিন পাছত মই এদিন ঘৰৰ পৰা ৰাস্তাৰ ফালে চাই বিস্ময়ত হতবাক হৈ যাওঁ। মই দেখিলোঁ, সি বাহিৰত থিয় হৈ মোৰ গাড়ীৰ আয়নাবোৰ পৰিষ্কাৰ কৰি আছে!
তৎক্ষণাত দৌৰি গৈ তাক বাধা দি ক'লোঁ এইবোৰ কি কৰিছা?

সি অশ্ৰুসিক্ত নয়নেৰে ক'লে— এৰি দিয়ক ছাৰ! মোক মোৰ কাম কৰিবলৈ দিয়ক, যাতে মই মোৰ পৰিচয় পাহৰি নাযাওঁ। মই মনত ৰাখিব বিচাৰোঁ, মই কি আছিলোঁ আৰু আজি কি হ'লোঁ। আৰু আপুনি মোৰ কাৰণে কি কৰিছে।

সেইজন হ'ল ফিলিস্তিনি যুৱক ফৰিদ আব্দুল আলী। যিজন বর্তমান হার্ভার্ড বিশ্ববিদ্যালয়ৰ প্রসিদ্ধ তৰুণ প্রফেছৰ।

(সংগৃহীত। অসমীয়া অনুবাদ — J. Rahman)

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই