শাস্তিমুলক বদলি (Punishement Transfer)

মোৰ বন্ধু এজন নাম শ্বাহিদুল ইছলাম, তেখেতৰ ঘৰ বৰপেটা জিলাৰ বৰভিটাত l তেওঁৰ লগত মোৰ বন্ধুত্ব হৈছিল মোটামোটি ৯ বছৰ মান আগতে, মই চাকৰি সূত্ৰে য'ত থাকো সেই অঞ্চলত ব্যক্তিগত বিদ্যালয় এখনত তেওঁ প্ৰায় দুবছৰ মান কাম কৰিছিল l তেতিয়াৰ পৰাই ইছলামৰ লগত মোৰ চিনাকি; তেওঁ অতি সাধাৰণ আৰু দুখীয়া ঘৰৰ ল'ৰা - স্বভাৱত নম্ৰ, পৰিধানত মাৰ্জিত পোছাক, নামাজী, কৰ্মত সৎ আৰু শৃংখলাবদ্ধ এজন আৰু সত্যবাদী এজন ব্যক্তি এইসকলোবিলাক গুণৰ সংমিশ্ৰণত তেওঁ এজন সুন্দৰ আত্মাৰ গৰাকী l মুঠতে ইছলামৰ আচৰণত সেই অঞ্চলৰ সকলোৱে মুগ্ধ আছিল l
         আজৰি সময়ত আমি বিভিন্ন প্ৰসংগৰ ওপৰত আলোচনা কৰিছিলো..... তেওঁ মাজে মাজে কৈছিল - জীৱনত উপাৰ্জনৰ উপায় কি......  বিএচছি পাছ কৰিলো, চাকৰি নাই , ব্যৱসায় কৰিবলৈ মূলধন নাই!      .......... কিছু মূহুৰ্তৰ বাবে তেওঁ স্তব্ধ হৈ গৈছিল l তেনে দৃশ্য দেখি খুব দুখ লাগিছিল; পিছে সান্তনা দিয়াৰ বাবে কৰিবলগীয়া একোৱেই নাছিল, কিছুদিন পিছত 'লুইতপৰীয়া সমন্বয় গোষ্ঠী' (ধলপুৰ) নামৰ NGO এখনত গাণনিক হিছাপে কাম কৰি তাৰ পৰাও কিছু টকা পাইছিল l তাৰ লগতে সময় উলিয়াই দুই চাৰিটা গ্ৰোপক টিউচন পঢ়াবলৈ পৰামৰ্শ দিলো, মোৰ কথা মানি লৈ টিউচনত মনোনিৱেশ কৰিলে.... তেওঁৰ কষ্ট অলপ বেছি হৈছিল; হলেওঁ
টকাৰ চিন্তাৰ গ্ৰাফডাল কিছু পৰিমানে অৱনমিত হৈছিল l মাজতে 108 এম্বুলেঞ্চত EMT post এটাত আবেদন কৰিছিল, সময়ত লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰত পাছ কৰি 2016 চনত চাকৰিত যোগদান কৰিলে l দৰং জিলাৰ ধূলা চিকিৎসালয়ত তেওঁৰ চাকৰি, চাকৰিটো পাই তেওঁ মনত কেনেকুৱা অনুভৱ কৰিছিল যিটো তাৰ প্ৰতিক্ৰিয়াতে প্ৰকাশ পাইছিল l চাকৰিটো পোৱাত তেওঁৰ লগতে মইয়ো সুখী হৈছিলো l
           তেওঁ চাকৰি পোৱাৰ পৰাই  ইছলামৰ লগত হঠাৎহে লগ পাওঁ ; কিন্তু মাজে মাজে ফোন কৰি মোৰ খবৰ লয় মইয়ো ফোন কৰো l .............. মাজতে তেওঁক বহুদিন লগ পোৱা নাই l
          2017 চনৰ গৰমৰ বন্ধত মই ঘৰত আহিছো, আজি প্ৰচণ্ড গৰম - কি কৰিম গছৰ ছাঁত চকী এখনত বহি আছো........, সন্মুখৰ পৰা মাত আহিল - আচ্ছালামু ওৱালাইকুম ...... উত্তৰত মই - ওৱালাইকুম আচ্ছালাম ! মূখৰ ফালে চাই ...... বহুত দিন পিছত লগ পালো, আপোনাৰ ভালনে ? ঘৰত সকলোৱে কুশলে আছেনে? .......... আৰু বহুত প্ৰশ্ন l চাঁহ একাপ খোৱাৰ কাৰণে ঘৰত মাতিলো.... গৰমৰ অজুহাত দেখুৱাই মানা কৰিলে l পিছত চকী এখন আগবঢ়াই দিলো বহিবলৈ - মই সুধিলো আপোনাৰ চাকৰিৰ খবৰ ? ........ Posting আগৰ ঠাইতে আছেনে ? উত্তৰত তেওঁ কৈ গ'ল - ইহজগতত নামাজ হ'ল মোৰ প্ৰথম কৰ্তব্য ; যিকোনো পৰিস্থিতিত মই নামাজ আৰু ইছলামিক লিফাজ(সাজ-পোছাক) এৰিব নোৱাৰিম, মই মোৰ চাকৰিৰ কাৰণে - দাড়ি কাটিব নোৱাৰিম, টুপী খুলি থব নোৱাৰিম আৰু নামাজ এৰিব নোৱাৰিম...... অলপ বেছিয়ে আবেগিক হৈ গ'ল! ...... সান্তনাৰ সুৰত মই কলো - নাই ঠিকেই আছে, তাৰ পিছত কি হ'ল ?
       কি হব - আমাৰ ছাৰ EME  বিষয়া সমৰজিত দাসে মোক কেইবাবাৰো দাঢ়ি কাটিবলৈ আৰু টুপী নিপিন্ধাকৈ আহিবলৈ কৈছিল নহলে punishement  transfer ৰ ব্যৱস্থা কৰা হব বুলি l  মই তেখেতৰ কথাত সিমান এটা দিয়া গুৰুত্ব দিয়া নাছিলো ; সময়ত সকলো ঠিক হৈ যাব বুলি ভাৱিছিলো l হঠাৎ এদিন ছাৰৰ ফোন আহিল - ছাৰক লগ ধৰিব লাগে, লগ ধৰিবলৈ ছাৰৰ ৰূমত গ'লো...... ছাৰক উদ্দ্যেশি- Good Morning sir, ছাৰেও প্ৰত্যুত্তৰত সম্ভাষণ জনাই - বহিবলৈ নিৰ্দেশ দিলে l মই বহাৰ পিছত ছাৰে এখন লিফাফা আগবঢ়াই দি ক'লে - এয়া লোৱা তোমাৰ transfer letter; মই তোমাক কেইবাবাৰো warning দিছিলো কিন্তু মোৰ কথা ক'ত শুনিলা? তোমাৰ একঘেয়ামি স্বভাৱৰ বাবে আজি তোমাৰ বাবে অপেক্ষা কৰিছে punishement transfer, তুমি তেজপুৰৰ EME ৰ লগত যোগাযোগ কৰা
নতুনকৈ ক'ত যোগদান কৰিব লাগিব সকলো নিৰ্দেশ তেখেতৰ পৰাই পাই যাবা l ................. মই অলপ সময়ৰ কাৰণে নিঠৰ হৈ পৰিছিলো ; মাত বোল নাইকিয়া হৈ গৈছিল, পিছত প্ৰতিবাদো কৰা নাছিলো .... আমাক ট্ৰেইনিঙতে কোৱা হৈছিল - আপোলোকক অসমৰ যিকোনো ঠাইত চাকৰিত নিযুক্তি দিলেও স্ব-ইচ্ছাই গ্ৰহন কৰিব লাগিব..... এইখিনি চৰ্ত তেতিয়াই মানি লৈছো.... তথাপি আজি মোৰ কব নোৱাৰাকৈ বেয়া লাগি আছে... কাৰণ আজি মোক 'শাস্তিমুলক বদলি' দিলে, বদলিৰ কাৰণ চাইছেনে ? মোৰ দোষ এয়াই যে মই মোৰ ধৰ্মক নিষ্ঠাৰে পালন কৰি আছো.... তথাপি মোৰ কাৰো ওপৰত খং নাই... সেয়া কিজানি মোৰ সময়ৰ প্ৰত্যাহ্বান.... মোৰ সকলো ভৰসা ওপৰৱালাৰ ওপৰত !
        তেওঁৰ মৰ্মান্তিক ঘটনা শুনি সচাঁকৈ মই আজি খুব আবেগিক হৈ পৰিছো,
........ কামত গাফিলাতি দেখুৱালে , আইন উলংঘা কৰিলে, অসৎ কাম কৰিলে ব্যক্তিগত নাইবা ৰাজনৈতিক মেৰপাকত পৰিলেও শাস্তিমুলক বদলি কৰা দেখা যায় কিন্তু সামান্য দাঢ়ি নকটা আৰু টুপী পিন্ধা অপৰাধত 'শাস্তিমুলক বদলি' ............. এনে নমুনাৰ কথা ভাৰতীয় সংবিধানত উল্লেখ আছেনে? যদি আছে শিখ ধৰ্মালম্বী লোক সকলেও দেখোন মুখত দাড়ি আৰু মূৰত পাগুৰি মাৰি চাকৰি কৰি আছে l আচলতে এনেকুৱা মইমতালি কাৰ চৰকাৰৰ নে বিষয়া সকলৰ ?
       
         🖋খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই