মিঞা মুছলমান মানেই বাংলাদেশী নেকি?

             🖋 খন্দকাৰ জাহাঙ্গীৰ আলম
বাংলাদেশী শব্দটো অসমৰ বিভিন্ন দল সংগঠনসমূহে বহুলভাৱে ব্যৱহাৰ কৰা খুব পৰিচিত আৰু ৰাজনৈতিক মুনাফা আদায় কৰিব পৰা এটি যাদুকৰী শব্দ ,বাংলাভাষী লুংগী পিন্ধা মুছলমান দেখিলেই একাংশই বাংলাদেশী মুছলমান বুলি ভবিষ্যতবাণী কৰি দিয়ে l আমি অসমৰ মুছলমান হোজা, দৰিদ্ৰ, অশিক্ষিত আৰু নিষ্পেষিত জাতি l অসমৰ বিবিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত আমাৰ বিৰুদ্ধে বিষাক্ত বীজ সিচি দিয়া হ'য়, বিষাক্ত বীজৰ পৰা গজা গছপুলিৰ গুৰিত ৰাজনৈতিক নেতাসকলে নিৰ্দিষ্ট সময়ত সাৰ পানী দিয়াৰ ফলত হিংসাৰ ডাল-পাত আৰু শিপা দিনক দিনে বৃদ্ধি পাইছে l আমি জানো অতীজৰে পৰা চতুৰ ব্যক্তিসকলে অশিক্ষিত,দুখীয়া আৰু হোজা প্ৰকৃতিৰ লোকৰ ওপৰত নানাধৰণৰ অত্যাচাৰ-উৎপীড়ন কৰি আহিছে যিদৰে ইংৰাজসকলে ভাৰতীয় সকলৰ ওপৰত কৰিছিল l ভাৰতীয়সকল (আমি) ইংৰাজৰ হাতৰ পৰা আমি স্বাধীন হ'ব পাৰিছো যদিও আজিলৈকে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মুছলমান সকল ৰেহাই পোৱা নাই কিছুমান ৰাজনৈতিক নেতা, ভণ্ড তথা সাম্প্ৰদায়িক দূষ্কৃতিকাৰীৰ পৰা l কেতিয়া অন্ত পৰিব এই হিংসা-বিদ্বেষৰ অধ্যায় l অসমৰ সৰহ সংখ্যক বাংলাভাষী মুছলমান ব্ৰক্ষ্মপুত্ৰৰ দাতিকাঁষৰীয়া অথবা চৰ এলেকাত বসবাস কৰে l অতি পৰিতাপৰ বিষয় বিংশ শতিকাৰ পিছতো এই জাতিটোৰ সৰহ শতাংশ মানুহেই অশিক্ষিত l যাৰবাবে আমাৰ এই জাতিটো সকলো ক্ষেত্ৰতেই পিছপৰা আৰু অসচেতন.....কিন্তু কেতিয়া আমি সজাগ আৰু সচেতন হ'ম ? .......... আছেনে কাৰোবাৰ ওচৰত ইযাৰ সঠিক উত্তৰ ?

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

ক্ষুদ্ৰতম নদীদ্বীপ

মানুস হয়ে বেচে থাকি সবাই