ভোক

১.
ক্ষুধিতা আইৰ খৰাং স্তনযুগল
পৃথিৱীয়ে কেতিয়াবাই চেপি উলিয়াইছে
গাখীৰৰ শেষ টোপাল
২.
একচিত্ত আত্মাৰ বিননি
ভোকৰ তাড়নাত লেবেজান
এদল পুষ্টিহীন শিশু
আৰু সিহঁত পৃথিৱীৰ বোজা
৩.
অকাল সৰা কুঁহিপাত
প্ৰকৃতিৰ হৃদয়স্পৰ্শী নিয়ম
জন্ম, জীৱন, মৃত্যু- অতি-সাধাৰণ
৪.
মৰুৰ বুকুত ক্ষুধাৰ গৰ্জন
ফালিব নোৱাৰে ধৰাৰ আকাশ
নিগৰিতও নহয়
পাষাণ পৃথিৱীৰ চকুলো
৫.        
ভোকৰ প্ৰতীক অব্যক্ত নহয়
-মলিন মূখ, জীৰ্ণ চেহেৰা
আৰু পিঠিত লাগি থকা পেটটো
৬.
ভোক!
কেউদিশে অহৰ্নিশে 
গুজৰি গুমৰি
বিচাৰি ফুৰে ভোকাতুৰক
-আৰু টকায় ধনীক

         খন্দকাৰ জাহাঙ্গীৰ আলম

Comments

Popular posts from this blog

দেৱানী প্ৰথা আৰু সমাজ

মানুস হয়ে বেচে থাকি সবাই

ৰাংচাপাৰা (এখনি স্বচ্ছ গাঁও)