হিন্দীৰ পৰা অসমীয়া অনুবাদ
এটা ভিডিঅ'ত এজন সাংবাদিক আৰু এজন দুখীয়া ব্যক্তিৰ কথোপকথন..... কাহিনীটো হৃদয় স্পৰ্শ কৰি গ'ল...
সাংবাদিক- এক মিনিট, এক মিনিট.. দুই দিন হ'ল লক্ষ্য কৰি আছো, ইয়ালৈ আহা, থিয় হৈ থাকা, ইফালে সিফালে চোৱা কাৰোবাৰ অপেক্ষা কৰি থাকা তাৰ পিছত পুলিচৰ মাৰ খাই গুচি যোৱা... কি ভাৱা তুমি? কৰোনা ধেমালি? ডক্টৰ, পুলিচে ২৪ ঘণ্টা নিজৰ পৰিয়ালক এৰি আমাৰ কাৰণে বিপদ মুৰ পাতি লৈছে, এনেই পাগলৰ দৰে কাম কৰা; কাৰ অপেক্ষা কৰি আছা? নে তুমি পাগল?
দুখীয়া ব্যক্তি- মোৰ নাম.... দুৃঃখিত! নাম নকওঁ, নহলে আপোনাৰ ভিডিঅ চোৱা মানুহে মোৰ মাজত ধৰ্ম, সম্প্ৰদায় বিচাৰি থাকিব... মানৱীয়তাৰ দৃষ্টিৰে নাচাব । মই এজন শ্ৰমিক, আপুনি মোক য'ত লগ পাইছে সেইখিনি ঠাই শ্ৰমিকৰ আড্ডাস্থলি । চাহাব, তিনি চাৰি দিন.... তেতিয়াতো অ'ৰ ত'ৰ পৰা খুজি মাগি আনি দিন পাৰ কৰিলোঁ.... আজি আঠ দিন পাৰ হৈ, মই অনাহাৰে থাকিব পাৰোঁ কিন্তু মোৰ পত্নী, সন্তান অনাহাৰে থকাটো নিবিচাৰো । আজি ৰাতিপুৱাৰ এটি ঘটনা- আমাৰ বস্তিৰ মুছা আংকলে কিছু বয় বস্তুৰ সৈতে ঘৰলৈ গৈ আছিল তাৰ পৰা এটা ৰুটি (বন) পৰি গৈছিল আৰু মই বুটলি আনিছিলোঁ আৰু ল'ৰা ছোৱালীক ছিঙি অলপ অলপকৈ ভগাই দিছিলোঁ, মই জানিছিলোঁ সেই ৰুটি টুকুৰা সিহঁতৰ পেটৰ ভোক গুচাব পৰা নাই; বিশাল সাগৰত এটুপি পানী পৰাৰ নিচিনাহে হৈছে.... তাৰ পিছত মই আত্মহত্যা কৰিবলৈ ওলাই গৈছিলোঁ । কিন্তু নোৱাৰিলোঁ, ভাৱিলোঁ মোৰ মৃত্যুত মোৰ সন্তানৰ ভোকৰ অন্ত নপৰে, তাৰ পিছত মই শ্ৰমিকৰ আড্ডাস্থলিত থিয় হওঁ, প্ৰত্যেকদিনাই আহোঁ আৰু প্ৰত্যেকদিন খাওঁ; আহাৰ নহয় লাঠিৰ কোব! কালি আকৌ আহিম, নতুন দিন নতুন আশাৰ সৈতে কোনোবাই তো লৈ আহিব....
Comments
Post a Comment