Posts

Showing posts from December, 2017

সপোন স্মৃতিৰ কোলাত ^^^^^^^^^^^^^^^^^^^^^^^^^

Image
অতীততক সোঁৱৰি ; কিয় মই ক্লান্ত আজি ? কুৱঁলিৰ কণাৰ মাজত বিলীন গৈছে ; বাৰে বাৰে যতনাইছো মনত পেলাবলৈহে , মাথো অস্পষ্ট ছবিবোৰে ৰিঙিয়াই মাতে ; স্মৃতিৰ ছবিবোৰ যে নেগেটিভৰ দৰে l শত চেষ্টাৰ শেষতো ; তোমাক পাহৰিব পৰা নাই l যৌৱনৰ সোণোৱালী সময়বোৰ ; বৈছিল নিৰন্তৰ l দুৱৰি বনত বহি দুয়ো ; ৰচিছিলো ভৱিষ্যতৰ ৰঙীন সপোন l তুমি অবিহনে- প্ৰতিটো নিশা উজাগৰে পাৰ কৰো ; গাৰুত মুখ গুজি l দুচকুৰ লোতকেৰে ; অতীতত দেখা ভৱিষ্যতৰ সপোনবোৰ , -মচি যায় l                                          খন্দকাৰ জাহাঙ্গীৰ আলম