Posts

Showing posts from 2025

প্ৰেমাশ্ৰু

মূৰ্চা যোৱা কুসুম  বিয়পে ছঁয়াময়া সুবাসে মদিৰ-নয়ন যুৰিত  চিনাকি ছাঁ এটি ভাঁহে  কলাত্মক মনটোৱে  আবিৰৰ আল্পনা আঁকে নাঙেলি গীতৰ সুৰস সুৰটিতে  আহঁতৰ ছাঁত, মধ্যাহ্ন সূৰুয নামে  মনৰ ব্যাকুল ব'হাগী ধুমুহায়  আশাবোৰ তচনচ কৰে  ক্ষিপ্ৰ উশাহবোৰ ক্ৰমশঃ... ক্লান্তিৰ পথত খোজকাঢ়ে  তুমি নাই বুলিয়েই  গৰজিলে সৰগে পাহৰাৰ আঁখৰা  কৰিও বাৰে বাৰে  পাহৰিব নোৱাৰে  সহিবও নোৱাৰে  যন্ত্ৰনা প্ৰেমৰে !     খন্দকাৰ জাহাঙ্গীৰ আলম